Class 7 Social Science | Chapter 4 | আমাৰ পৰিৱেশ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

আমাৰ পৰিৱেশ

১) মাংসাহাৰী প্ৰাণীক কি বুলি কোৱা হয়?    

(ক) সৰ্বভোজী প্ৰাণী।    

(খ)প্ৰথম উপভোক্তা। 

(গ) দ্বিতীয় উপভোক্তা।

Answer: দ্বিতীয় উপভোক্তা।

২) পৃথিৱীৰ উপৰিভাগ আগুৰি থকা টান খোলটো কি?   

 (ক) জলমণ্ডল।   

 (খ) স্থলমণ্ডল।   

 (গ) জীৱমণ্ডল।

Answer: স্থলমণ্ডল।    

৩) স্থলমণ্ডলৰ ওপৰৰ তৰপটো কিহেৰে আবৃত?    

(ক) মাটি।   

 (খ) পানী।   

 (গ) বায়ু।

Answer: মাটি।

৪)  পৃথিৱীক আৱৰি থকা বায়ুৰ পাতল আৱৰণটো কি?    

(ক) বায়ুমণ্ডল।    

(খ) আগ্নেয়গিৰি। 

(গ) জলপ্ৰপাত।

Answer: বায়ুমণ্ডল।

৫)  অসমত কি কাৰণত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায়?    

(ক) অসমত উদ্ভিদৰ পৰিমাণ বেছি  বাবে।   

(খ) মৌছুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে।   

(গ) বিভিন্ন বনাঞ্চল থকাৰ বাবে।

Answer: মৌছুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে।

৬) পৰিৱেশৰ অজৈৱিক উপাংশবোৰ কি কি?    

(ক) বায়ু, মাটি, পানী।    

(খ) চন্দ্ৰ, সূৰ্য, পৃথিৱী।   

 (গ) নদী, সাগৰ, মহাসাগৰ।

Answer: বায়ু, মাটি, পানী।

৭) মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা পৰিৱেশক কি বোলে?   

 (ক) প্ৰাকৃতিক পৰিৱেশ।   

 (খ) মানৱ সৃষ্টি পৰিৱেশ।   

 (গ) ওপৰৰ এটাও নহয়।

Answer: মানৱ সৃষ্টি পৰিৱেশ।

৮) মানুহে সকলো কাৰ্যৰ বাবে কাৰ ওপৰত নিৰ্ভৰশীল হয়? 

(ক) উদ্ভিদ।    

(খ) প্ৰাণী।    

(গ) পৰিৱেশ।

Answer: পৰিৱেশ।

৯) প্ৰথম উপভোক্তা বুলি কাক কোৱা হয়?   

(ক) মানুহক।    

(খ) জীৱ-জন্ত্তক।    

(গ) তৃণভোজী প্ৰাণীক।

Answer: তৃণভোজী প্ৰাণীক।

১০) আমাক সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা কোনে বচায়?    

(ক) পানীয়ে।    

(খ) বতাহে। 

(গ) বায়ুৱে।

Answer: বায়ুৱে।

১১) স্থলমণ্ডল স্তৰটো কিহৰ দ্বাৰা গঠিত?   

(ক) শিল আৰু মণিক।   

(খ) মাটি।    

(গ) ওপৰৰ এটাও নহয়।

Answer; শিল আৰু মণিক।

১২) উদ্ভিদ আৰু মাংস দুয়োবিধ গ্ৰহণ কৰা প্ৰাণীক কি বোলে?   

(ক) সৰ্বভোজী।  

 (খ) জৈৱিক উপাংশ।    

(গ) বিয়োজক।

Answer: সৰ্বভোজী।

১৩) পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত অপৰিহাৰ্ষ উপাদান কি? 

(ক) জলবায়ু।    

(খ) উদ্ভিদ। 

(গ) পানী।

Answer: পানী।

১৪) বিভিন্ন কৌশলেৰে ৰ’দ, বতাহ,পানী আদিৰ পৰা কি সংগ্ৰহ কৰা হয়?     

(ক) বিভিন্ন সামগ্ৰী।    

(খ) শক্তি।   

(গ) ওপৰৰ এটাও নহয়।

Answer: শক্তি।

১৫) মানুহে নিজৰ প্ৰয়োজন পুৰাবলৈ কিহক কামত খটুৱায়? 

 (ক) নিজৰ পৰিৱেশত থকা সমলবোৰ।   

 (খ) মানৱ সৃষ্ট পৰিৱেশ ওপৰত।   

 (গ) ওপৰৰ এটাও নহয়।

Answer : নিজৰ পৰিৱেশত থকা সমলবোৰ।

১৬) পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কাৰ ওপৰত নীৰ্ভৰশীল?    

(ক) স্থলভাগৰ ওপৰত।    

(খ) দক্ষিণ-পশ্চিম মৌছুমী বতাহৰ ওপৰত।

(গ) ওপৰৰ এটাও নহয়।

Answer: স্থলভাগৰ ওপৰত।

১৭) কাৰ্বি পাহৰৰ মানুহে ক ঝুম পদ্ধতিৰে খেতি কৰে। 

(ক) শুদ্ধ।   

(খ) অশুদ্ধ।   

(গ) ওপৰৰ এটাও নহয়

Answer:     শুদ্ধ।

১৮) মানুহৰ লগতে পৰিৱেশৰ সকলো উপাদানৰ মাজত নিবিড় সম্পৰ্ক আছে। 

(ক) শুদ্ধ।   

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৯) বৰ্তমান কাৰ্বন-ডাই-অক্সাইড গেছ বৃদ্ধি হৈ থকা বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে।    

(ক) শুদ্ধ।    

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

২০) অজৈৱিক উপাদানসমূহৰ ভিতৰত জয়বায়ুৰ প্ৰভাৱ যথেষ্ট। 

(ক) শুদ্ধ। 

(খ) অশুদ্ধ।

Answer:     শুদ্ধ।