SVN Class 4 Social Science Chapter 14 স্থানীয় শাসন প্ৰণালী । Short Question Answer

Chapter 14

স্থানীয় শাসন প্ৰণালী

 ১। জিলাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয় ?

উত্তৰঃ  জিলাৰ শাসনৰ গুৰিয়ালজনক উপায়ুক্ত বুলি কোৱা হয়।

২। মহকুমাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয় ?

উত্তৰঃ মহকুমাৰ শাসনৰ গুৰিয়ালজনক ‘মহকুমাধিপতি’ বুলি কোৱা হয়।

৩। ভাৰতৰ ৰাজধানী কি ?

উত্তৰঃ ভাৰতৰ ৰাজধানী নতুন দিল্লী।

৪। কি সাধাৰণতে জিলা বা মহকুমাৰ সদৰ ঠাইতকৈ ডাঙৰ ?

উত্তৰঃ ৰাজ্য়ৰ ৰাজধানী সাধাৰণতে জিলা বা মহকুমাৰ সদৰ ঠাইতকৈ ডাঙৰ।

৫। সমিতিবোৰৰ সদস্য়সকলক কোনে নিৰ্বাচন কৰে ?

উত্তৰঃ সমিতিবোৰৰ সদস্য়সকলক জনসাধাৰণে নিৰ্বাচন কৰে।

৬। কাৰ জৰিয়তে জনসাধাৰণে নিজৰ শাসন নিজেই কৰে ?

উত্তৰঃ প্ৰতিনিধিসকলৰ জৰিয়তে জনসাধাৰণে নিজৰ শাসন নিজেই কৰে

৭। পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয় ?

উত্তৰঃ পৌৰ নিগমৰ মুৰব্বীজনক  ‘মেয়ৰ’ বুলি কোৱা হয় ।

৮। গুৱাহাটী পৌৰ নিগমৰ বাবে কোনে এজন আয়ুক্ত নিযুক্ত কৰে ?

উত্তৰঃ গুৱাহাটী পৌৰ নিগমৰ বাবে চৰকাৰে এজন আয়ুক্ত নিযুক্ত কৰে ।

৯। ১০,০০০ ৰ ওপৰৰ জনসংখ্য়া থকা নগৰৰ বাবে কি গঠন কৰা হয় ?

উত্তৰঃ  ১০,০০০ ৰ ওপৰৰ জনসংখ্য়া থকা নগৰৰ পৌৰসভা গঠন কৰা হয় ।

১০। নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ নগৰ সমিতিৰ কাৰ্যকাল ৫ বছৰ ।

Type – Boby Bora