SVN Class 4 Social Science Chapter 15 আমাৰ সম্পদ । Short Question Answer

Chapter 15

আমাৰ সম্পদ

১। মানুহৰ কামত অহা বা উপকাৰত লগা বস্তুসমূহক কি বোলে ?

উত্তৰঃ মানুহৰ কামত অহা বা উপকাৰত লগা বস্তুসমূহক সম্পদ বোলে।

২। প্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা সম্পদবোৰক কি বোলে ?

উত্তৰঃপ্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে।

৩। অসমৰ কাজিৰঙা কিহৰ বাবে বিশ্ববিখ্য়াত ?

উত্তৰঃঅসমৰ কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্য়াত।

৪। অসমৰ বনাঞ্চল কিহৰ বাবে বিখ্য়াত ?

উত্তৰঃ অসমৰ বনাঞ্চল জীৱ-জন্তু আৰু চৰাই  বাবে বিখ্য়াত ।

৫। পৰিবেশ কি হৈ থাকিবৰ বাবে বনৰীয়া জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে ?

উত্তৰঃ পৰিবেশ নিকা হৈ থাকিবৰ বাবে বনৰীয়া জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে।

৬। কি বঢ়াৰ লগে লগে গছ-গছনি কমি আহিছে ?

উত্তৰঃ জনসংখ্য়া বঢ়াৰ লগে লগে গছ-গছনি কমি আহিছে।

৭। ভূ-গৰ্ভৰ পৰা আহৰণ কৰা সম্পদসমূহ কি ?

উত্তৰঃ ভূ-গৰ্ভৰ পৰা আহৰণ কৰা সম্পদসমূহ হ’ল- খনিজাত বা খনিজ সম্পদ ।

৮। খাৰুৱা তেল কোন কেইখন ঠাই পৰা পোৱা যায় ?

উত্তৰঃ খাৰুৱা তেল অসম, মহাৰাষ্ট্ৰ, গুজৰাট ত পোৱা যায়।

৯। ভাৰতৰ প্ৰধান খনিজাত সম্পদ কি ?

উত্তৰঃ ভাৰতৰ প্ৰধান খনিজাত সম্পদ কয়লা।

১০। পানী নিজেই এবিধ কি?

উত্তৰঃ পানী নিজেই এবিধ সম্পদ।

Type – Boby Bora