SVN Class 4 Social Science Chapter 4 অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান। Short Question Answer

Chapter 4

অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

১। পৰ্যটন কাক বোলে ?

উত্তৰ- এখন ঠাইৰ পৰা আন এখন ঠাই চাবলৈ অহাকে পৰ্যটন বোলে।

২। পৰ্যটনৰ বাবে অসমত থকা বস্তুসমূহক কেনেধৰণে ভগাব পাৰি ?

উত্তৰ- পৰ্যটনৰ বাবে  এনেধৰণে ভগাব পাৰি – 

    ১। প্ৰাচীন কীৰ্তি-চিহ্ন।

    ২। পুৰণি দ’ল-দেৱালয়, মঠ-মন্দিৰ, মছজিদ আদি।

    ৩। ৰাষ্ট্ৰীয় উদ্য়ান, অভয়াৰণ্য়, সংৰক্ষিত বনাঞ্চল আৰু পক্ষী উদ্য়ান।

    ৪। সংস্কৃতি ক্ষেত্ৰ, বৃহত নদী-দ্বীপ।

    ৫। আধুনিক কালত নিৰ্মিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ। 

৩। পৃথিৱীৰ  আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম  কি ?

উত্তৰ- পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম হ’ল মাজুলী। 

৪। বৰ্তমান মাজুলীৰ মাটিকালি কিমান বৰ্গ কিঃমিঃ ?

উত্তৰ- বৰ্তমান মাজুলীৰ মাটিকালি প্ৰায় ১২৫০ বৰ্গ কিঃমিঃ। 

Type – Boby Bora