SVN Class 4 Social Science Chapter 6 প্ৰাকৃতিক দুৰ্যোগ আৰু অসম। Short Question Answer

Chapter 6

প্ৰাকৃতিক দুৰ্যোগ আৰু অসম

১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?

উত্তৰ- যিবোৰ প্ৰাকৃতিক পৰিঘটনাত মানুহৰ লগতে অন্য়ান্য়  জীৱ-জন্তু  চৰাই-চিৰিকতি  গছ-গছনি  আদিৰ নানান ক্ষয়-ক্ষতি  আলাই-আথানি হয় সেইবোৰকে প্ৰাকৃতিক দুৰ্যোগ বোলে।

 ২। বানপানী কি ?

উত্তৰ- প্ৰতিবছৰে বাৰিষা কালত হোৱা আমাৰ ৰাজ্য়খনৰ এক এৰাব নোৱাৰা দুৰ্যোগ হ’ল বানপানী।

৩। বানপানী ৰোধ কৰাৰ উপায় কি কি ?

উত্তৰ- বানপানী ৰোধ কৰাৰ উপায়বোৰ হ’ল- (১) নদীৰ দুয়োপাৰে মথাউৰি দিয়া (২) নদীৰ উতসৰপৰা আৰম্ভ কৰি সমগ্ৰ উপক্য়কাতে গছ-গছনি ৰোৱা (৩) নদীৰ মাজভাগ মাজে-সময়ে খন্দা ব্য়ৱস্থা কৰা ইত্য়াদি।

৪। পৃথিৱীৰ অন্তৰ্ভাগত থকা পদাৰ্থসমূহ তৰল অৱস্থাত কিয় থাকে ?

উত্তৰ-  পৃথিৱীৰ অন্তৰ্ভাগত থকা পদাৰ্থসমূহৰ অধিকাংশই অধিক উষ্ণতাত থকাৰ বাবে তৰল অৱস্থাত থাকে।

৫। লাভা কাক বোলে ?

উত্তৰ- আগ্নেয়গিৰি উদগিৰণৰ ফলত ভূগৰ্ভৰপৰা ওলাই অহা তপত গলিত  পদাৰ্থসমূহক লাভা বোলে।

৬। পৃথিৱীৰ বিখ্য়াত আগ্নেয়গিৰি দুটাৰ নাম লিখা।

উত্তৰ- পৃথিৱীৰ বিখ্য়াত আগ্নেয়গিৰি দুটীৰ নাম হ’ল বিচুভিয়ীছ আৰু এট্না। 

৭। ভূমিকম্প কাক বোলে ?

উত্তৰ- কেতিয়াবা আমি হঠাতি পৃথিৱীৰ লগতে ইয়াৰ ওপৰত থকা সকলো বস্তু কঁপা যেন অনুভৱ কৰোঁ। এই কঁপনিকে ভূমিকম্প বোলে। 

৮। ধুমুহা কাক বোলে ?

উত্তৰ- বতাহ প্ৰচণ্ড বেগত বোৱাকে ধুমুহা বোলে।

৯। অসমত কি মাহত ধুমুহাৰ প্ৰকোপ বেছি হয় ?

উত্তৰ- অসমত চ’ত-ব’হাগ মাহত ধুমুহাৰ প্ৰকোপ বেছি হয়।

Type – Boby Bora