SVN Class 4 Social Science Chapter 7 পৰিৱেশ আৰু প্ৰদূষণ। Short Question Answer

Chapter 7

পৰিৱেশ আৰু প্ৰদূষণ

১। পৃথিৱী কি গ্ৰহ ?

উত্তৰ- পৃথিৱী এটা বিনন্দীয়া গ্ৰহ। 

২। প্ৰাকৃতিক পৰিবেশ কাক বোলে ?

উত্তৰ-  বায়ু পানী আৰু মাটিৰে বেঢ়ি থকা আমাৰ চৌপাশকে প্ৰাকৃতিক পৰিবেশ বোলে।

৩। পৰিবেশ শব্দটোৰ আভিধানিক অৰ্থ কি ?

উত্তৰ- পৰিবেশ শব্দটোৰ আভিধানিক অৰ্থ হ’ল এটা বস্তুৰ চৌপাশে থকা অৱস্থাটো। 

৪। প্ৰদূষণ কি ?

উত্তৰ- বায়ু মাটি পানী আদিত হোৱা জীৱৰ কাৰণে অপকাৰী ভৌতিক ৰাসায়নিক পৰিৱৰ্তনেই হ’ল প্ৰদূষণ। 

৫। প্ৰদূষণ কেই প্ৰকাৰৰ  আৰু কি কি ?

উত্তৰ- প্ৰদূষণ ৪ প্ৰকাৰৰ – (১) বায়ু প্ৰদূষণ (২)জল প্ৰদূষণ (৩) মাটি প্ৰদূষণ আৰু (৪) শব্দ প্ৰদূষণ।

৬। গছে আমাক কি দিয়ে ?

উত্তৰ- গছে আমাক অক্সিজেন দিয়ে।

৭। প্ৰাকৃতিক ভাৰসাম্য়তা বুলি কলে কপ বুজা ?

উত্তৰ- স্বাভাৱিক অৱস্থাত কোনো প্ৰজাতিৰে সংখ্য়া অতিপাত বাঢ়ি বা কমি নাযায়। এনে অৱস্থাক আমি প্ৰাকৃতিক  ভাৰসাম্য়তা বুলি কওঁ।

৮। পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা এখন আঁচনি নাম লিখা।

উত্তৰ- পৰিবেশ প্ৰদূষণ ৰোধ কৰ্বলৈ চৰকাৰে লোৱা এখন আঁচনি নাম হ’ল বনানিকৰণ।

Type – Boby Bora