Class 6 General Science Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ | MCQ

Chapter 10

গতি আৰু দূৰত্বৰ জোখ-মাখ

১। যি গতিয়ে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজেই পুনৰাবৃত্তি কৰে তাক কি গতি বুলি কোৱা হয় ?

(ক) বৃত্তীয় গতি

(খ) পৰ্যাবৃত্ত গতি

(গ) সৰল গতি

উত্তৰঃ (খ) পৰ্যাবৃত্ত গতি

২। এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ মানুহে কি ব্যৱস্থা ব্যৱহাৰ কৰে ?

(ক) একক পদ্ধতি

(খ) পৰিবহণ

উত্তৰঃ (খ) পৰিবহণ

৩। সৰলৰেখাত কৰা গতিক কি বুলি কোৱা হয় ?

(ক) সৰলগতি

(খ) সৰলৰৈখিক গতি

উত্তৰঃ (খ) সৰলৰৈখিক গতি

৪।  এক মিটাৰ মানে কিমান চে.মি ?

(ক) ১০০

(খ) ৫০০

(গ)১০০০

উত্তৰঃ (ক) ১০০

৫। বাইচাইকেলৰ চকাৰ গতিটোক কি গতি বুলি কোৱা হয় ?

(ক) পৰ্যাবৃত্ত গতি

(খ) বৃত্তীয় গতি

(গ) সৰলৰৈখিক গতি

উত্তৰঃ (খ) বৃত্তীয় গতি

৬। ‘গতি’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Motion

(খ) Unit

(গ) Circular

উত্তৰঃ (ক) Motion

৭। পুৰণি দিনত মানুহে এঠাইৰ পৰা আনঠাইলৈ কেনেদৰে গৈছিল ?

(ক) ৰেলৰ দ্বাৰা

(খ) খোজ কাঢ়ি

(গ) জাহাজৰ দ্বাৰা

উত্তৰঃ (খ) খোজ কাঢ়ি

৮। আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক কি ?

(ক) মিটাৰ

(খ) কিল’মিটাৰ

(গ) চেণ্টিমিটাৰ

উত্তৰঃ (ক) মিটাৰ

৯। তলত থকা চিত্ৰটো কি গতিত ঘূৰিছে ?

(ক) পৰ্যাবৃত্ত গতিত

(খ) বৃত্তাকাৰ গতিত

উত্তৰঃ(খ) বৃত্তাকাৰ গতিত

১০। ‘বৃত্তীয় গতি’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Circular motion

(খ) Periodic motion

উত্তৰঃ (ক) Circular motion

১১। জলপথেৰে চলাচল কৰিবৰ বাবে প্ৰাচীন কালৰে পৰা মানুহে কি ব্যৱহাৰ কৰিছিল ?

(ক) জাহাজ

(খ) ফেৰী

(গ) নাওঁ

উত্তৰঃ (গ) নাওঁ

১২। কিমান শতিকালৈ মানুহে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিবৰ বাবে প্ৰাণীৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিছিল ?

(ক) সোতৰ শতিকাৰ শেষলৈকে

(খ) উনৈশ শতিকাৰ আৰম্ভণিলৈকে

উত্তৰঃ (খ) উনৈশ শতিকাৰ আৰম্ভণিলৈকে

১৩। কিমান চনত উৰাজাহাজৰ বিকাশ ঘটে ?

(ক) ১৮৬৮ চনত

(খ) ১৯০০ চনত

(গ) ২০০০ চনত

উত্তৰঃ (খ) ১৯০০ চনত

১৪। তলৰ কোনটো বিংশ শতিকাৰ অৱদান ?

(ক) মন’ৰেইল

(খ) মহাকাশযান

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৫। ১৭৯০ চনত কোনে জোখ-মাখৰ এক প্ৰমাণ একক প্ৰৱৰ্তন কৰিছিল ?

(ক) ফৰাচীসকলে

(খ) বৃটিছসকলে

(গ) মানসকলে

উত্তৰঃ (ক) ফৰাচীসকলে

১৬। আমি কিহৰ সহায়ত বক্ৰ ৰেখা এডালৰ দৈৰ্ঘ্য পোনে পোনে জুখিব নোৱাৰোঁ ?

(ক) সূতাৰ সহায়ত

(খ) মানুহৰ সহায়ত

(গ) স্কেলৰ সহায়ত

উত্তৰঃ (গ) স্কেলৰ সহায়ত

১৭। তলৰ ছবিখনত কি গতিৰ দৃশ্য প্ৰতিফলিত হৈছে ?

(ক) বৃত্তীয় গতি

(খ) সৰলৰৈখিক গতি

(গ) পৰ্যাবৃত্ত গতি

উত্তৰঃ (খ) সৰলৰৈখিক গতি

১৮। ‘দূৰত্ব’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Distance

(খ) Circular

(গ) measurement

উত্তৰঃ (খ) Distance

১৯। বৰ্তমান গোটেই পৃথিৱীতেই কি একক গ্ৰহণ কৰা হৈছে ?

(ক) আন্তৰ্জাতিক একক পদ্ধতি

(খ) কৃষি একক পদ্ধতি

(গ) এটাও নহয়

উত্তৰঃ (ক) আন্তৰ্জাতিক একক পদ্ধতি

২০। পাঁচ কিলোমিটাৰ মানে  মিটাৰ।

(ক) ২০০০

(খ) ১০০

(গ) ৫০০০

উত্তৰঃ (গ) ৫০০০

Type: Pompi Hazarika