Class 6 General Science Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন | MCQ

Chapter 11

পোহৰ, ছাঁ আৰু প্ৰতিফলন

১। কিহৰ অবিহনে বস্তু দেখা পোৱাটো সম্ভৱ নহয় ?

(ক) তাপৰ

(খ) পোহৰৰ

(গ) ছাঁৰ 

উত্তৰঃ (খ) পোহৰৰ

২। দিনৰ ভাগত কাৰ উপস্থিতিৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ ?

(ক) টৰ্চৰ

(খ) বাল্বৰ

(গ) সূৰ্যৰ

উত্তৰঃ (গ) সূৰ্যৰ

৩। পোহৰ দিব পৰা বা পোহৰ বিলাই দিব পৰা বস্তুক কি বুলি কোৱা হয় ?

(ক) দীপ্তিমান

(খ) দীপ্তিহীন

(গ) দৃশ্যমান

উত্তৰঃ (ক) দীপ্তিমান

৪। কোনো এটা বস্তুৰ মাজেৰে যদি একো দেখা পোৱা নাযায় তেনে বস্তুক কি বুলি কোৱা হয় ?

(ক) স্বচ্ছ

(খ) অস্বচ্ছ

(গ) ঈষৎ স্বচ্ছ

উত্তৰঃ (খ) অস্বচ্ছ

৫। পোহৰৰ গতি পথত কোনো অস্বচ্ছ বস্তু থাকিলে কিহৰ সৃষ্টি হয় ?

(ক) ছাঁ

(খ) প্ৰতিফলন

(গ) পোহৰ

উত্তৰঃ (ক) ছাঁ

৬। পোহৰ সদায় কি ৰেখাত গতি কৰে ?

(ক) বক্ৰ ৰেখাত

(খ) সৰল ৰেখাত

(গ) এটাও নহয়

উত্তৰঃ (খ) সৰল ৰেখাত

৭। কিহৰ দ্বাৰা প্ৰতিফলন ঘটাই পৰিষ্কাৰ প্ৰতিবিম্ব পাব পাৰি ?

(ক) দাপোনৰ

(খ) পোহৰৰ

(গ) ছাঁৰ

উত্তৰঃ (ক) দাপোনৰ

৮। তলৰ ছবিখনত থকা বস্তুটো কি ?

(ক) এজোপা গছ

(খ) এজন মানুহ

(গ) এটা পেৰিস্কোপ

উত্তৰঃ (গ) এটা পেৰিস্কোপ

৯। ‘দীপ্তিমান’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Luminous

(খ) Opaque

(গ) Transparent

উত্তৰঃ (ক) Luminous

১০। কি বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে ?

(ক) দীপ্তিমান

(খ) স্বচ্ছ

(গ) ঈষৎ স্বচ্ছ

উত্তৰঃ (খ) স্বচ্ছ

১১। কি বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যাব পাৰে ?

(ক) স্বচ্ছ

(খ) অস্বচ্ছ

(গ) ঈষৎ স্বচ্ছ

উত্তৰঃ (গ) ঈষৎ স্বচ্ছ

১২। ‘স্বচ্ছ’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Translucent

(খ) Transparent

(গ) Reflection

উত্তৰঃ (খ) Transparent

১৩। তলৰ কোনটো অস্বচ্ছ পদাৰ্থ ?

(ক) এখন বেৰ

(খ) এখন দাপোণ

(গ) পলিথিন

উত্তৰঃ (ক) এখন বেৰ

১৪। তলৰ কোনটো দীপ্তিমান পদাৰ্থ ?

(ক) এখিলা কাৰ্বন পেপাৰ

(খ) এটুকুৰা শিলগুটি

(গ) এটা জ্বলি থকা টৰ্চ

উত্তৰঃ (গ) এটা জ্বলি থকা টৰ্চ

১৫। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

(ক) দাপোনৰ প্ৰতিফলন

(খ) পোহৰৰ সৰলৰেখাত গতি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

১৬। ‘প্ৰতিফলন’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Reflection

(খ) Luminous

(গ) Mirror

উত্তৰঃ (ক) Reflection

১৭। ছাঁ সৃষ্টি হবলৈ কিহৰ প্ৰয়োজন হয় ?

(ক) এটা পোহৰৰ উৎস

(খ) এটা অস্বচ্ছ পদাৰ্থ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৮। ‘দাপোন’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Mirror

(খ) Transparent

(গ) Opaque

উত্তৰঃ (ক) Mirror

১৯। তলৰ কোনটো স্বচ্ছ পদাৰ্থ ?

(ক) ধোঁৱা

(খ) বায়ু

(গ) পলিথিন

উত্তৰঃ (খ)  বায়ু

২০। ‘ছাঁ’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Shadow

(খ) flection

উত্তৰঃ (ক) Shadow

Type: Pompi Hazarika