Class 6 General Science Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন | MCQ

Chapter 16

আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন

১। উদ্ভিদ আৰু প্ৰাণীৰ লগতে পাকঘৰৰ পৰা পোৱা বৰ্জিত দ্ৰব্যবোৰ প্ৰাকৃতিক সাৰলৈ ৰূপান্তৰিত কৰাক কি বুলি কোৱা হয় ?

(ক) কেচুসাৰ প্ৰস্তুতকৰণ

(খ) পচন সাৰ প্ৰস্তুতকৰণ

(গ) আৱৰ্জনা

উত্তৰঃ (খ) পচন সাৰ প্ৰস্তুতকৰণ

২। ‘পুনৰাৱৰ্তন’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Recycling

(খ) Repaid

(গ) Return

উত্তৰঃ (ক) Recycling

৩। ৰঙা কেঁচু ব্যৱহাৰ কৰি যি পদ্ধতিৰ দ্বাৰা পাকঘৰৰ আৱৰ্জনাবোৰৰ পৰা পচন সাৰ প্ৰস্তুত কৰা হয় তাক কি বোলে ?

(ক) পচন সাৰ প্ৰস্তুতকৰণ

(খ) ৰঙা কেঁচু প্ৰস্তুতকৰণ

(গ) কেঁচুসাৰ প্ৰস্তুতকৰণ

উত্তৰঃ কেঁচুসাৰ প্ৰস্তুতকৰণ

৪।  ঘৰত অৱশিষ্ট হিচাপে ৰৈ যোৱা খাদ্য় বস্তুবোৰ কি কৰা প্ৰয়োজন ?

(ক) পুখুৰীত পেলাই দিয়াটো

(খ) পচনসাৰৰ প্ৰস্তুত কৰাটো

(গ) এটাও নহয়

উত্তৰঃ (খ) পচনসাৰৰ প্ৰস্তুত কৰাটো

৫। ৰঙা কেঁচুৰ   নাথাকে ।

(ক) মুখ

(খ) জিভা

(গ) দাঁত

উত্তৰঃ (গ) দাঁত

৬। ৰঙা কেঁচুৱে এদিনত কিমান আহাৰ গ্ৰহণ কৰে ?

(ক) নিজৰ ওজনৰ আধা অংশ

(খ) নিজৰ শৰীৰৰ ওজনৰ সমান

(গ) নিজৰ শৰীৰৰ ওজনৰ চাৰি ভাগৰ এক অংশ

উত্তৰঃ (খ) নিজৰ শৰীৰৰ ওজনৰ সমান

৭। ৰঙা কেঁচুৱে কি পৰিৱেশত জীয়াই থাকে ?

(ক) ঠাণ্ডা পৰিৱেশত

(খ) গৰম পৰিৱেশত

(গ) অলপ গৰম আৰু অলপ ঠাণ্ডা পৰিৱেশত

উত্তৰঃ (গ) অলপ গৰম আৰু অলপ ঠাণ্ডা পৰিৱেশত

৮। তলত দিয়াৰ ভিতৰত কোনটো পৰিৱেশ বেছি চাফ-চিকুণ ?

(ক) চহৰৰ পৰিৱেশ

(খ) গাঁৱৰ পৰিৱেশ

(গ) এটাও নহয়

উত্তৰঃ (খ) গাঁৱৰ পৰিৱেশ

৯। প্লাষ্টিকবোৰ পচি                    

(ক) নাযায়

(খ) যায়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) নাযায়

১০। কি কৰিলে প্লাষ্টিকে অপকাৰী গেছ উলিয়াই দিয়ে ?

(ক) গৰম কৰিলে

(খ) জ্বলালে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১১। খোৱা বস্তু ৰাখিবৰ বাবে প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিব লাগেনে ?

(ক) নালাগে

(খ) লাগে

(গ) কম পৰিমাণে লাগে

উত্তৰঃ (ক) নালাগে

১২। ‘পচন সাৰ’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Compost

(খ) Garbage

(গ) Waste

উত্তৰঃ (ক) Compost

১৩। কি কালত দিল্লীৰ নিচিনা মহানগৰীত যথেষ্ট শুকান পাত জ্বলাই দিয়া হয় ?

(ক) বাৰিষা কালত

(খ) বসন্ত কালত

(গ) শৰৎ কালত

উত্তৰঃ (গ) শৰৎ কালত

১৪। তলৰ ছবিখনত কি কৰা হৈছে ?

(ক) আৱৰ্জনাৰ দ’ম গাতত পোতা হৈছে

(খ) পচন সাৰ প্ৰস্তুত কৰা হৈছে

(গ) কেঁচু সাৰ প্ৰস্তুত কৰা হৈছে

উত্তৰঃ (ক) আৱৰ্জনাৰ দ’ম গাতত পোতা হৈছে

১৫। দ্ৰব্য কিছুমান পচি সাৰ হোৱাত কি বুলি কোৱা হয় ?

(ক) জৈৱিক সাৰ

(খ) গলন

(গ) পচন

উত্তৰঃ (গ) পচন

১৬। নীলা ৰঙৰ জাৱৰ পেলোৱা পাত্ৰবোৰত সাধাৰণতে কেনেধৰণৰ জাৱৰ পেলাবৰ বাবে ব্যৱহাৰ কৰা হয় ?

(ক) গেলি-পচি যোৱা বস্তুবোৰ

(খ) পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ

১৭। শুকান পাতবোৰ জ্বলাই দিয়াটো উচিতনে ?

(ক) উচিত

(খ) অনুচিত

(গ) এটাও নহয়

উত্তৰঃ (খ) অনুচিত

১৮। শুকান পাত জ্বলাই দিলে কি উৎপন্ন হয় ?

(ক) অনিষ্টকাৰী ধোঁৱা

(খ) পচন সাৰ

(গ) জৈৱিক সাৰ

উত্তৰঃ (ক) অনিষ্টকাৰী ধোঁৱা

Type: Pompi Hazarika