SVN Class 4 Social Science Chapter 19 পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ । Short Question Answer

Chapter 19

পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ

১। পৃথিৱীখন সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত কিমান নম্বৰ গ্ৰহ ?

উত্তৰঃ পৃথিৱীখন সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত তিনি নম্বৰ গ্ৰহ ।

২। পৃথিৱীৰ আকৃতি কেনেকোৱা ?

উত্তৰঃ পৃথিৱীৰ আকৃতি গোলাকাৰ।

৩। পৃথিৱীখন কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰঃ পৃথিৱীখন এটা ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি।

৪। খুব কমসংখ্য়ক মানুহহে কোন দুটা মেৰুলৈ যাবলৈ সক্ষম হৈছিল ?

উত্তৰঃ  খুব কমসংখ্য়ক মানুহহে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুলৈ যাবলৈ সক্ষম হৈছিল ।

৫। আকাৰ হিচাপত পৃথিৱীখন কিমান নম্বৰ গ্ৰহ ?

উত্তৰঃ  আকাৰ হিচাপত পৃথিৱীখন পঞ্চম নম্বৰ গ্ৰহ ।

৬। পৃথিৱীৰ পূবা-পশ্চিমাকৈ থকা বিষুৱীয় ব্য়াসডালৰ দৈৰ্ঘ্য় কিমান ?

উত্তৰঃ পৃথিৱীৰ পূবা-পশ্চিমাকৈ থকা বিষুৱীয় ব্য়াসডালৰ দৈৰ্ঘ্য় ১২,৭৫৭ কিলোমিটাৰ ।

৭।  পৃথিৱীখনৰ উপৰিভাগৰ মুঠ কালি কিমান ?

উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ মুঠ কালি হল- ৫১,০১,০০,৫০০ বৰ্গ কিলোমিটাৰ।

৮। পৃথিৱীখনৰ উপৰিভাগৰ চাৰি ভাগৰ প্ৰায় তিনি ভাগেই কি ?

উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ চাৰি ভাগৰ প্ৰায় তিনি ভাগেই পানী।

৯। পানী ভাগক কি ভাগ বোলে ?

উত্তৰঃ পানী ভাগক জল ভাগ বোলে।

১০।  পৃথিৱীখনৰ উপৰিভাগৰ কিমান শতাংশ পানী ?

উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ ৭১ শতাংশ পানী।

১১। পৃথিৱীখনৰ উপৰিভাগৰ কিমান শতাংশ মাটী ?

উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ ২৯ শতাংশ মাটী ।

Type – Boby Bora