SEBA Class 9 Maths Solution Chapter 10। বৃত্ত । অনুশীলনী 10.4 Question Answer

অনুশীলনী 10.4

1. 5 চে.মি. আৰু 3 চে.মি. ব্য়াসাৰ্ধৰ বৃত্ত দুটাই দুটা বিন্দুত কটাকটি কৰিছে আৰু সিহঁতৰ কেন্দ্ৰৰ দূৰত্ব 4 চে.মি.। সাধাৰণ জ্য়াডালৰ দৈৰ্ঘ্য় নিৰ্ণয় কৰা।

2. যদি এটা বৃত্তৰ দুডাল সমান জ্য়াই বৃত্তটোৰ ভিতৰত কটাকটি কৰে, তেন্তে প্ৰমাণ কৰা যে, এডাল জ্যাৰ ৰেখাখণ্ড দুটা আনডালৰ অনুৰূপ ৰেখাখণ্ড দুটা সমান।

3. যদি এটা বৃত্তৰ দুডাল সমান জ্যাই বৃত্তটোৰ ভিতৰত কটাকটি কৰে, তেন্তে প্ৰমাণ কৰা যে, কেন্দ্ৰ আৰু ছেদবিন্দু সংযোগী ৰেখাই জ্যা দুডালৰ লগত সমান কোণ কৰে।

4. যদি এডাল ৰেখাই দুটা ঐককেন্দ্ৰিক বৃত্ত যাৰ কেন্দ্ৰ O ক A, B, C আৰু D বিন্দুত কটাকটি কৰে, তেন্তে প্ৰমাণ কৰা যে AB = CD।

5. এখন উদ্যানত থকা 5 মি. ব্যাসাৰ্ধৰ বৃত্ত এটাত তিজনী ছোৱালী ৰেজিয়া, মেৰী আৰু নিলাক্ষীয়ে থিয় হৈ এটা খেল খেলিছে। ৰেজিয়াই এটা বল মেৰীলৈ, মেৰীয়ে নিলাক্ষীলৈ আৰু নিলাক্ষীয়ে ৰেজিয়ালৈ দলিয়াইছে। যদি ৰেজিয়া আৰু মেৰী আৰু নিলাক্ষীৰ মাজৰ দূৰত্ব 6 মি. কৈ হয়, নিলাক্ষী আৰু ৰেজিয়াৰ মাজৰ দূৰত্ব কিমান?

6. এখন বসতিস্থলত 20 মি. ব্যাসাৰ্ধৰ এখন বৃত্তাকাৰ উদ্য়ান আছে। তিনিটা ল’ৰা অংকুৰ, ছৈয়দ আৰু চন্দনে হাতত তাঁৰযুক্ত পুতলাফোন লৈ ইয়াৰ সীমাত সমদূৰত্বত বহি আছে ইজনে-সিজনৰ লগত কথা পাতিবলৈ। প্ৰতিটো ফোনৰ তাঁৰৰ দৈৰ্ঘ্য় নিৰ্ণয় কৰা।


Type – Boby Bora